মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম নগৰ পানী যোগান আৰু নদ্দৰ্মা বৰ্ড

সম্পদৰ Non-lapsable কেন্দ্ৰীয় পুল

পটভূমি

ভাৰতৰ উত্তৰ-পূব অঞ্চলটো অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, চিক্কিম আৰু ত্রিপুৰা এই আঠ খন ৰাজ্যৰ সমাহাৰ। অঞ্চলটোৰ উন্নয়ণকাৰ্য্য নিৰ্ভৰ কৰে,  ৰাজ্যৰ পঞ্চবাৰ্ষিক অৰু বাৰ্ষিক পৰিকল্পনাৰ লগতে সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু কেন্দ্ৰীয় সংস্হা সমূহৰ ওপৰত। লগতে আন্ত:ৰাজ্যিক প্ৰকল্পৰ ক্ষেত্ৰত, উত্তৰ-পূৰ্বাঞ্চলীয় পৰিষদ (NEC)ৰ এক সুকীয়া অতিৰিক্ত বাজেট নিৰ্ধাৰিত আছে।

উন্নয়ণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল মূলত: কেন্দ্ৰীয় বিত্ত নিধিৰ ওপৰত নিৰ্ভৰশীল। উত্তৰ-পূৰ্বাঞ্চলৰ গোটেইকেইখন ৰাজ্যই বিশেষ শ্ৰণীৰ ৰাজ্যৰ মৰ্য্যদা প্ৰাপ্ত সেতু, ইয়াৰ উন্নয়ণ প্ৰকল্প সমূহ ৯০% অনুদান আৰু ১০% ঋণৰ আধাৰত কেন্দ্ৰই অৰ্থসংস্থান কৰে। তাৰোপৰি বিশেষ শ্ৰেণীৰ ৰাজ্যই কেন্দ্ৰীয় সাহায্যৰ ২০% লৈ অপৰিকল্পিত ব্যয়ো কৰিব পাৰে।

উদ্দেশ্য:

২০০০ চনৰ জানুৱাৰী মাহত, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু চিক্কিমৰ ৰাজ্যপাল আৰু মূখ্যমন্ত্ৰী সকলৰ মাজত শ্বিলংত অনুষ্ঠিত হোৱা এখন সন্মিলনত প্ৰধানমন্ত্ৰীয়ে সম্পদৰ Non-lapsable Central Pool ৰ সম্পৰ্কে এনেদৰে বাখ্যা কৰিছিল, "আমাৰ চৰকাৰে non-lapsable funds ৰ এটা পুঁজি উত্তৰ-পূৰ্বাঞ্চল আৰু চিক্কিমৰ বাবে আৰম্ভ কৰিছে। এই পুঁজি ৰাজ্যকেইখনৰ বিকাশৰ প্ৰকল্পৰ ক্ষেত্ৰত ধন আৱন্তন দিয়াৰ বাবে, তথা ইয়াৰ দ্বাৰা নতুন আন্ত:গাঁঠনি নিৰ্ম্মাণৰ ক্ষেত্রত থকা সম্পদৰ অন্তৰায় দূৰ কৰাটোৱে, কেন্দ্ৰীয় চৰকাৰৰ সৰ্ব্বোচ্চ প্ৰাথমিকতা.."। Non- lapsable কেন্দ্ৰীয় পুজিৰ মূল উদ্দেশ্যই হ'ল, অঞ্চলটোত নতুন আন্তগাঁঠনিৰ প্ৰকল্প/আঁচনিৰ বাবে বিত্ত প্ৰবাহ বৃদ্ধি কৰি, উত্তৰ-পূৰ্বাঞ্চলৰ আন্তগাঁঠনিৰ দ্ৰুত উন্নয়ণ নিশ্চিত কৰা।  কেন্দ্ৰীয় পুঁজিৰ অধীনত সাহাৰ্য্য প্ৰদানৰ বাবে ভৌতিক আৰু সামাজিক আন্তগাঁঠনি উভয় ক্ষেত্ৰ যেনে- জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ, শক্তি, পথ আৰু দলং, শিক্ষা, স্বাস্হ্য, পানী যোগান আৰু স্বচ্ছতাক বিবেচনা কৰা হৈছে, য'ত ভৌতিক আন্তগাঁঠনি ক্ষেত্ৰৰ প্ৰকল্পই অগ্ৰধিকাৰ পাব। এই পুঁজিৰ ধন কেন্দ্ৰীয় আৰু ৰাজ্যিক  উভয় পক্ষৰ প্ৰকল্পৰ/আঁচনিৰ বাবে  মুকলাই দিব পাৰে। অৱশ্যে কেন্দ্ৰীয় পুঁজিৰ অধীনৰ ধন, ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় মন্ত্ৰী/বিভাগ/সংস্হাৰ সাধাৰণ পৰিযোযনাৰ বাবে নহয়।

NLCPR প্ৰসাশনৰ আনুষ্ঠানিক ব্যৱস্থা(Institutional arrangement to administer the NLCPR Funds)

Non-lapsable Central pool ৰ প্ৰশাসকৰ বাবে প্ৰতিস্থিত থকা নিয়মাৱলী সংশোধন কৰা হৈছে। নবগঠিত কমিটিৰ নেতৃত্বত আছে উত্তৰ-পূব উন্নয়ণ মন্ত্ৰালয়ৰ সচিব আৰু ই বিত্ত মন্ত্ৰালয়, গৃহ মন্ত্ৰালয় আৰু পৰিকল্পনা আয়োগৰ দ্বাৰা অনুমোদিত। উত্তৰ-পূব উন্নয়ণ মন্ত্ৰালয়ৰ বিত্তীয় উপদেষ্টাক সদস্য হিচাপে অৰ্ন্তভূক্ত কৰা হৈছে।  নিদ্দিষ্ট বৈঠকত NLCPR ৰ অধীনত পুঁজি দিয়াৰ বাবে, কেন্দ্ৰীয় মন্ত্ৰী/বিভাগ সমূহৰ যিবোৰ প্ৰতিনিধিৰ প্ৰস্তাৱ বিবেচিত হয়, তেওঁলোকো ইয়াৰ সদস্যাভূক্ত হ'ব পাৰে। এটি সৰু টোকাৰে সৈতে, প্ৰতিটো আচনি বা পৰিকল্পনাৰ এখন স্পষ্ট তালিকা, বিত্তীয় বৰ্ষৰ আৰম্ভণিতেই ৰাজ্যসমূহে, সম্পদৰ Non-lapsable কেন্দ্ৰীয় পুঁজিৰ অৰ্ন্তভূক্তিত পৰিব নে নপৰে, তাৰ চিনাক্তকৰণৰ বাবে দাখিল কৰিব লাগিব। আগৰ দৰে বছৰজুৰি ৰাজ্যৰ বিভিন্ন বিভাগৰ পৰা অহা কোনো আঁচনি বা পৰিকল্পনাৰ প্ৰস্তাৱ গ্ৰাহ্য নহ'ব। বৰ্ত্তমান এনএলচিপিআৰৰ বাবে, সংশ্লিষ্ট ৰাজ্যৰ পৰিকল্পনা আৰু উন্নয়ণ বিভাগেই নোডাল বিভাগ আৰু সেই বিভাগ ৰাজ্যৰ আন সকলো বিভাগৰ লগতে DoNER ৰ ইন্টাৰফেচ. । ৰাজ্যই পৰামৰ্শমূলক ভাবে  অগ্ৰধিকাৰ ভিত্তিত, কোনো আচনি বা পৰিকল্পনাত প্ৰাধান্য দিলেও, কমিটিয়ে আঁচনিৰ তালিকা পৰীক্ষা কৰি চালি-জাৰি চাই, অৱশেষত উপযুক্ত বিবেচিত আঁচনিখন বিশদ পৰীক্ষা বা অনুসন্ধানৰ বাবে চিনাক্ত কৰে।  আঁচনি বা পৰিকল্পনাক প্ৰাধান্যতা দিয়াৰ ক্ষেত্ৰত কমিটিয়ে গুৰুত্ব দিয়া আন বিষয় সমূহ এনেধৰণৰ:-

  • অৰ্থনৈতিক আন্তঃগাঁঠনিমূলক প্ৰকল্পক প্ৰাধান্যতা দিয়া হয়।

    সামাজিক ক্ষেত্ৰত, খোৱা পানী যোগান আৰু অন্যান্য স্বাস্হ্য আৰু স্বচ্ছতা সম্পৰ্কীয় প্ৰকল্প • স্বায়ত্ব-শাসিত জিলা পৰিষদৰ (Vl th Schedule of the Constitution)প্ৰকল্পই প্ৰাধান্যতা পাব
    • কোনো বিশেষ ক্ষেত্ৰৰ প্ৰকল্প, যিটো দিশত প্ৰকল্প বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ শেহতীয়া প্ৰদৰ্শন সন্তোষজনক
    • বিগত বৰ্ষত কোনো বিশেষ ৰাজ্যই পুঁজিৰ সদব্যৱহাৰ বা আদৰ্শ ব্যৱহাৰ কেনেদৰে কৰিছে, সেইটোও বিচাৰ কৰি চোৱা হয়।

এই পদ্ধতিৰে যি প্ৰকল্প নিৰ্বাচিত হ'ব, তাৰ বিশদ বৰ্ণনা বা পৰিকল্পনা ৰিপৰ্ট সংশ্লিষ্ট ৰাজ্যই প্ৰস্ত্তত কৰিব লাগিব। পিছত এই প্ৰকল্প প্ৰস্তাৱসমূহ সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ লগত আলোচনা কৰি পুণ:ৰীক্ষণ কৰা হয়। এনেদৰে অনুমতি/মত প্ৰাপ্তৰ পিছত ইয়াক 'Non-lapsable কেন্দ্ৰীয় পুঁজিৰ প্ৰশাসক কমিটিৰ' ওচৰত উপস্হাপন কৰা হয়, যি প্ৰকল্প আৰু চুক্তিৰ অনুমোদন জনায়।
        

কমিটিৰ অনুমোদনৰ পিছত, প্ৰকল্পৰ কাৰ্য্যক্ৰমনিকাৰ সময়সূচী দাখিল কৰিলে, উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয় মঞ্জুৰী দি পুঁজি মুকলি কৰি দিয়ে। প্ৰথম পৰ্য্যয়ত দিয়া পুঁজিৰ সদপ্ৰয়োগৰ প্ৰমাণপত্ৰ পালেহে পৰবৰ্তী পুঁজি মুকলি কৰি দিয়া হয়।

(উৎস: Ministry of Development of NER website )



Downloads
TitleSizeDetail
Guidelines for Administration of NLCPR_0.pdf209.99 KBswf-image
REVISED GUIDELINES FOR ADMINISTRATION OF NON-LAPSABLE_0.pdf118.51 KBswf-image
Status report of NLCPR Scheme.pdf126.73 KBswf-image
GUIDELINES FOR ADMINISTRATION OF NON-LAPSABLE CENTRAL POOL.pdf115.37 KBswf-image